Old school Easter eggs.
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

2013

• ২০১৩ চনৰ বিভিন্ন
ঘটনা-দুর্ঘটনা →↓

১১ ফেব্ৰুৱাৰী -
৮৫ বছৰীয়া পোপ ফ্ৰান্সিছে পদত্যাগ কৰে । টাইম আলোচনীয়ে তেওঁক 'পাৰছন অব দ্য ইয়েৰ' হৈচাপেও আখ্যা দিয়ে ।

২৪ এপ্ৰিল - বাংলাদেশৰ এটা বৃহত্‍ বস্ত্ৰ উদ্যোগত হোৱা অগ্নিকাণ্ডত ১,১২৭ জন লোকে প্ৰাণ হেৰুৱায় ।

৭ জুলাই - ভাৰতত বৌদ্ধ ধর্মৰ ৱিশ্ব প্ৰসিদ্ধ তীৰ্থস্থল বোধগয়াৰ মহাবোধি মন্দিৰ পৰিসৰত এটাৰ পিছত এটাকৈ দহটা বোমা বিস্ফোৰণত পাঁচ জন ব্যক্তি আহত।

১২ জুলাই - মহাৰাষ্ট্ৰৰ মুম্বাইত বলিউডৰ অভিনেতা প্ৰাণৰ মৃত্যু । (জন্মঃ ১২ ফেব্রুৱাৰী, ১৯২০)

১৬ জুলাই - বিহাৰৰ সাৰন জিলাত বিশাক্ত খাদ্য খোৱাৰ ফলত অতি কমেও ২২ জন শিশুৰ মৃত্যু ।

২০ জুলাই - হোৱাইট হাউচত সংবাদদাতা সংঘৰ প্ৰথম মহিলা অধ্যক্ষ হেলন থমসৰ ৯২ বছৰ বয়সত দেহৱসান ।

২৪ জুলাই - স্পেইনত ৰেলগাড়ী দুৰ্ঘটনা, ৭৮ জনৰ মৃত্যু।

৩১ জুলাই - ভাৰতৰ পূর্ব প্ৰধানমন্ত্ৰী পামুলাপতি ৱেংকট নৰসিংহ ৰাৱৰ পুত্ৰ পামুলাপতি ৱেংকট ৰংগা ৰাৱৰ মৃত্যু ।

২১ চেপ্টেম্বৰ - নৌৰোবীৰক এটা শ্বপিং মলত হোৱা আতংকবাদী হমলাত কমেও ৫৯ জনৰ মৃত্যু।

৯ অক্টোবৰ - মাইকেল লেবিট, মার্টিন কাৰপ্লচ আৰু এৰিহ ৱাৰচেলক ৰাসায়নৰ নোবেল বঁটা প্ৰদান ।

১০ অক্টোবৰ - এলিচ মুনৰক সাহিত্যৰ বাবে নোবেল বঁটা প্ৰদান ।

১২ অক্টোবৰ - তীব্ৰ চক্ৰৱর্তী বতাহ 'ফৈলিন'ৰ ফলত ভাৰতৰ কে অন্ধ্ৰ প্ৰদেশ, ওড়িশা (উৰিষ্যা) আৰু পূৱ ভাৰতৰ অন্যান্য অঞ্চলত কমেও ১.২৫ কোটি ব্যক্তি প্ৰভাৱিত হয়।

১৩ অক্টোবৰ - মধ্য প্ৰদেশৰ দতিযা জিলাৰ কেৰতনগঢ় মাতা মন্দিৰত পদপিষ্ট হৈ ১১৫ জনৰ মৃত্যু, শতাধিক আহত ।

১৪ অক্টোবৰ - পূঁজীবাদী পৰিসম্পত্তি মূল্য নিৰ্ধাৰণ বিশ্লেষণৰ বাবে আমেৰিকাৰ অৰ্থশাস্ত্ৰবিদ ইউজীন ফামা, লার্চ পীটাৰ হাঞ্চেন আৰু ৰ'বাৰ্ট জেচিলৰৰ সংযুক্ত ভাবে অৰ্থশাস্ত্ৰৰ নোবেল পুৰস্কাৰ লাভ ।

১৫ অক্টোবৰ - ফিলীপাইনচত অহা ৭.২ তীব্ৰতাৰ ভূমিকম্পত এশৰো অধিক মানুহৰ মৃত্যু।

২৪ অক্টোবৰ - বলীউডৰ জনপ্ৰিয় গায়ক মন্না ডেৰ ৯৪ বছৰ বয়সত দেহবসান ।

২৭ অক্টোবৰ - নৰেন্দ্ৰ মোদীৰ হুংকাৰ ৰেইলীৰ আগমুহূর্তত পাটনাত ৭ টাকৈ বোম ধমাকা, ৫ জনৰ মৃত্যু তথা ৫ ০জন আহত ।

১৬ নভেম্বৰ - শচীন তেণ্ডুলকাৰে অন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

৩০ নভেম্বৰ - আমেৰিকান অভিনেতা পল ৪০ বছৰ বয়সত কাৰ দুর্ঘটনাত মৃত্যু ।

৫ ডিচেম্বৰ - দঃ আফ্ৰিকাৰ জোহান্সবার্গত দঃ আফ্ৰিকাৰ মুক্তি যোদ্ধা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি নেলচন মেণ্ডেলা (Nelson Mandela)ৰ মৃত্যু ।


• ২০১৩ চনৰ ১৩ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতী →↓

১। জুবিন গার্গ (কণ্ঠশিল্পী)
২। অংগৰাগ মহন্ত (কণ্ঠশিল্পী)
৩। তৰুণ শইকীয়া (এভাৰেষ্ট জয় কৰা প্ৰথম অসমীয়া)
৪। মনীষ ডেকা
(এভাৰেষ্ট জয় কৰা দ্বিতীয় অসমীয়া)
৫। বিজয় শংকৰ বর্মন (কবি)
৬। ডাঃ বিকুল দাস (গৱেষক)
৭। হিমজ্যোতি তালুকদাৰ (ইণ্টাৰনেট) [এনাজৰী ডট কম]
৮। শিৱ থাপা (ক্ৰীড়াবিদ)
৯। ৰয়ন্তী ৰাভা (নাট্যকর্মী)
১০। ছাংছুমী খুংগ্ৰী বসুমতাৰী (উদিয়মান বড়ো লেখিকা)
১১। বিদ্যুৎ কটকী (চলচ্চিত্ৰ নির্মাতা)
১২। প্ৰদ্যুৎ বৰা (ৰাজনীতি)
১৩। আৰুণি কাশ্যপ (ইংৰাজী উপন্যাসিক)


• ২০১৩ চনত মুক্তি লাভ কৰে ১৪ খন অসমীয়া ছবি →↓

১। দুৱাৰ
২। লুইতক ভেটিব কোনে
৩। মনে মোৰ কইনা বিচাৰে
৪। ৰণাংগন
৫। সূর্যাস্ত
৬। আকাশ চুবলে মন
৭। তুমি যদি কোৱা
৮। অধ্যায়— এ চেপ্টাৰ
৯। বীৰ চিলাৰায়
১০। মমতাজ
১১। ভাল পাব নাজানিলো
১২। লোকেল কুংফু
১৩। দুর্জন
১৪। মহাসমৰ ।

ইয়াৰ উপৰিও চাদ্ৰী ভাষাৰ এখন ছবি মুক্তি লাভ কৰে । ছবিখনৰ নাম "কৰমা কে ৰাতি"