Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

ইংৰাজী, হিন্দী, বাংলা আদি ভাষাত প্ৰায়বিলাক নিউজ নেটৱার্ক, নিউজ চেনেল, বাতৰি কাকত আদিৰ ই-সংস্কৰণ আছে । আৰু সেয়া ইণ্টাৰনেটযোগে পঢ়িব পাৰি । অসমীয়া বাতৰি কাকতৰ ই-সংস্কৰণ বিলাক কেবল ডেক্সটপ ভিউৰ বাবে । ম'বাইলেৰে পঢ়িব নোৱাৰি । একমাত্ৰ 'জনসাধাৰণ' কাকতৰ ম'বাইল সংস্কৰণ আছিল যদিও সেয়া বর্তমান বন্ধহৈ আছে । গুগল নিউজ ইণ্ডিয়া, গুগল সমাচাৰ আদিত বিভিন্ন নিউজ নেটৱার্কৰ বাতৰিৰ স্ৰোত পাব পাৰি । ইংৰাজী আৰু হিন্দীৰ লগতে দঃ ভাৰতীয় কেবাটাও ভাষাত গুগল নিউজ আছে । কিন্তু অসমীয়াত তেনে নেটৱার্ক নাই । ৰেডিফ, য়াহু ইণ্ডিয়া আদিতো বাতৰিৰ স্ৰোত পোৱা যায় । য়াহু ইণ্ডিয়াত বাংলা আৰু মৰাঠী ভাষাও অন্তর্ভুক্ত কৰিছে । সেয়ে য়াহু ইণ্ডিয়াক লক্ষ্য কৰি তেনেদৰে এই ছাইটটো বনোৱা হ'ল । ইয়াৰ মূল উদ্দেশ্য হ'ল উল্লেখযোগ্য বাতৰিসমূহ সংৰক্ষণ কৰি ৰখা । ই একপ্ৰকাৰ "ইয়াৰ বুক"ৰ দৰে হ'ব । আশা কৰোঁ আপোনালোকে এই ছাইটটোক আঁদৰি ল'ব ।
লগতে আপনালোকৰ সহযোগীতা কামনা কৰা হ'ল ।

___________________ ইতি,

কন্দর্পজিৎ কল্লোল

Teya Salat